Thursday, 14 August 2014

কবিতা

মৌনতাৰ দীৰ্ঘস্বাস ৰাতি
জোনটোৱে
গলি গলি
নিয়ৰ হৈ উচুপে

মোৰ হৃদয়ত
আফ্ৰিকাৰ
সেই নিগ্ৰো লৰাটোৱে
বাঁহীৰ সুৰটো
নিজানে বাকে।
কবিতা

তুলিকাৰে জ্বলাই দিয়া
তোমাৰ শৰীৰৰ মেঘ

নিৰ্মেঘ আকাশৰ তলত
আমি বহিছিলো

সেউজীয়াই
আতৰ ঢালি
নদীৰ ঢলে
চুলি মেলি মেলি
জগাই তুলিছিল
মানুহৰ স্মৰণীয়া গান
নীলা
আৰু
শিলা।
কোলাহলৰ পিছত

আকণ্ঠ কোলাহল পি থৰ হৈ যোৱা সন্ধিয়া প্ৰান্তৰৰ হৈমন্তী পথাৰত আমি পাণ কৰো অন্ধকাৰ। তোমাৰে মোৰে এই নীৰৱতাৰ কোলাহল বিৰিণাবনে বতাহে খেলি যোৱা পথাৰে পথাৰে সঞ্চিত আকাশৰ দুটোপাল অশ্ৰুজল। তোমাৰ মৌন মুখৰ ওঁঠৰ অকণমান মৌ যদি পাণ কৰিব পাৰিলোহেঁতচেন মৌপিয়া এই বিষন্ন সন্ধিয়া !
মোৰ এই অন্ধকাৰ আকাশৰ নিচেই কাষত তোমাৰ মেঘমল্লাৰ শৰীৰ আৰু আঁতৰে নিলগে পথৰুৱা আকাশ অচিনাকি। আচল আকাশে পপীয়া তৰাই আঁক টানে, জোনাকীয়ে তৰা ফুলে। নিঃশ্চল নদীৰ অৱন্ধনা হৃদয় পূৰ্ণ প্ৰেমৰ বাংময় অপ্ৰকাশ। যদি জীৱন হয় এখনি নদী, কিমান সুন্দৰ জীৱনৰ অগ্ৰগতি। আচল আকাশ যদি হয় অচিনাকী তেজে তলমল শ্ৰোতধ্বনিত...... অশ্ৰুসিক্ত তোমাৰ চঞ্চল চকু হৃদয় হাউলি পৰা নিঃশ্চল নদীত। প্ৰেমহীন জীৱন অজীৱন অক্ষম আততায়ী।
আমি দুয়ো নীৰৱে পাণ কৰো আকণ্ঠ এই আকাশ অচিনাকী। মই বাৰু পালো নেকি ভাল তোমাকো পালো ভাল যিদৰে আকাশ অচিনাকী।
বিষাদ

গছবোৰে অন্ধকাৰত থিয় দি আছিল। নাজানো তৰাৱালী আকাশে কিয় উচুপি উঠিছিল, হৃদয় শিঞাৰি যোৱাকৈ। ফাগুণৰ কলিজাৰ উত্তাল আকাংক্ষাই দিনৰ পোহৰত আকাশত আকাশ অঁকাৰ পিছত নিচাষক্ত হৈ আহিছিল অভিন্ন প্ৰহৰ।
পোহৰ পিয়াসী প্ৰাণে প্ৰতি মুহূৰ্তে চকুপানী টোকে গছবোৰৰ অন্ধকাৰত। সময় অশ্ৰুসিক্ত, তাইৰ আকণ্ঠ বিষাদ আৰু মোৰ আপ্ৰাণ প্ৰেম ত্ৰিশটা বৰ্ষাই তিয়াই যোৱা বকুলে গোন্ধোৱা বাটটোত। মই ভালপোৱা সহৃদ সুৰ তাই পাণ কৰে নীৰৱে। প্ৰতিটো অনংগ-নিস্তৰংগ লগ্ন তাইৰ বুকুৰ উত্তাল সমুদ্ৰত ক্ৰমশঃ হেৰাই গৈছে। এদিন তাই মোক সুধিছিল- এই মৌন মুখৰ সন্ধিয়া গছবোৰক ছাঁবোৰে গিলি থৈছে নেকি?
চকুৰ ৰেখাৰ ৰূপোৱালী বিজুলিত চমক খাই কলো- "প্ৰেমেৰেই আৰম্ভ হয় আকাশৰ নীৰৱতা আৰু গছবোৰে আন্ধাৰত আলিংগন কৰে পৰষ্পৰে পৰষ্পৰক নিজৰ ছায়াৰ পাছফালে খুব নীৰৱে, অসীম অন্তৰংগতাৰে।"

Tuesday, 6 May 2014

এনিশা তোমাক বুকুৰ মাজত খুব জোৰেৰে সাবটি ধৰি শুম.. তুমি ভাঙি ছিঙি লেও যাবা.... মই বৰ স্বাৰ্থপৰ জানা.. তোমাক উদ্বাউল হৈ চুমা খাম.. তুমি কষ্ট পালেও পাবা.. মোৰ ভাল লাগিব... মই যে স্বাৰ্থপৰ বহুত...... তোমাক মন্থন কৰিম, তুমি কাতৰ বা, লেও বা .. মই যে স্বাৰ্থপৰ বহুত.... তোমাৰ সকলো সপোন ভাঙি পেলাম..... তোমাৰ নিৰাভৰণ নিৰ্জনতাক মই মুখৰ কৰিম....... আৰু এনেদৰেই এদিন তুমি এটা গান বা, বাজি থাকিবা মোৰ হাৰমনিয়ামৰ ৰিডত... তোমাক সঁচাকৈয়ে এদিন লগ পাম আৰু উমাল চুমাৰে তোমাক কন্দুৱাম....... তুমি উচুপি উচুপি মোৰ বুকুৰ মৰূভূমি তিয়াই পেলাবা....
ৱাল্ট হুইটমেন
Come, said my soul
Such verses for my body, let us write (For we are one)
-Walt Whitman-

তোমাৰ মহানুভৱতাক
স্পৰ্শ কৰো
অসাৰ হাতেৰে
মই ইয়াতেই জন্মিছো
অশ্ৰুৰ অনাশ্ৰিত আনন্দত
তুমি দিয়া গানটো গাইছো
বাস্পৰ ভাষাৰে
ইয়াত
কিমান যে দুঃসহ
জীৱনৰ যাত্ৰা
তোমাৰ স্পৰ্শই
জগাই তোলা নাই
নদীৰ আকাশ
আকাশৰ নদী
তুমি নিৰ্জনতাৰে
বিস্ময়াৱহ দুখন ডেউকাৰে
জগাই তুলিছিলা
হৃদয়ৰ আজন্মা সময়
তেজে তলমল অৰণ্যত
মোৰ আত্মা আজি শ্ৰান্ত
বৰ অসহায় অনুভৱ কৰিছো কবি !!

Monday, 10 March 2014

কবিতা

মন গ’লেই মই
গুছি যাব পাৰো
এজন বিষন্ন নাবিকৰ দৰে
সাগৰে বন্দৰে
বন্দৰে সাগৰে

সুৰভিত হেঁপাহেৰে
যিতিয়া
তুমি
দুলি থকা
শ্যামল প্ৰান্তৰত বিষন্নতাৰে
উৰি যায়
এজনী শালিকী
নিৰল বাঁহনীলৈ

এই মাত্ৰ যেন
হাতৰ ধমনি ভাঙি
আটাহ পাৰিব
এটা শিয়ালে
ভয়ালকৈ
ক্ৰমশঃ
আন্ধাৰ হ’ব
জাৰণি যৱনিকালৈ
আৰু 
মোৰ
মন যাব
এক
নীৰৱ প্ৰান্তৰত
তোমাৰ স’তে
মুখামুখীকৈ
বহিবলৈ
শৰীৰী নীৰৱতাৰে৷৷
                   বহুদিন আগতে লিখা