Thursday 14 August 2014

কবিতা

মৌনতাৰ দীৰ্ঘস্বাস ৰাতি
জোনটোৱে
গলি গলি
নিয়ৰ হৈ উচুপে

মোৰ হৃদয়ত
আফ্ৰিকাৰ
সেই নিগ্ৰো লৰাটোৱে
বাঁহীৰ সুৰটো
নিজানে বাকে।
কবিতা

তুলিকাৰে জ্বলাই দিয়া
তোমাৰ শৰীৰৰ মেঘ

নিৰ্মেঘ আকাশৰ তলত
আমি বহিছিলো

সেউজীয়াই
আতৰ ঢালি
নদীৰ ঢলে
চুলি মেলি মেলি
জগাই তুলিছিল
মানুহৰ স্মৰণীয়া গান
নীলা
আৰু
শিলা।
কোলাহলৰ পিছত

আকণ্ঠ কোলাহল পি থৰ হৈ যোৱা সন্ধিয়া প্ৰান্তৰৰ হৈমন্তী পথাৰত আমি পাণ কৰো অন্ধকাৰ। তোমাৰে মোৰে এই নীৰৱতাৰ কোলাহল বিৰিণাবনে বতাহে খেলি যোৱা পথাৰে পথাৰে সঞ্চিত আকাশৰ দুটোপাল অশ্ৰুজল। তোমাৰ মৌন মুখৰ ওঁঠৰ অকণমান মৌ যদি পাণ কৰিব পাৰিলোহেঁতচেন মৌপিয়া এই বিষন্ন সন্ধিয়া !
মোৰ এই অন্ধকাৰ আকাশৰ নিচেই কাষত তোমাৰ মেঘমল্লাৰ শৰীৰ আৰু আঁতৰে নিলগে পথৰুৱা আকাশ অচিনাকি। আচল আকাশে পপীয়া তৰাই আঁক টানে, জোনাকীয়ে তৰা ফুলে। নিঃশ্চল নদীৰ অৱন্ধনা হৃদয় পূৰ্ণ প্ৰেমৰ বাংময় অপ্ৰকাশ। যদি জীৱন হয় এখনি নদী, কিমান সুন্দৰ জীৱনৰ অগ্ৰগতি। আচল আকাশ যদি হয় অচিনাকী তেজে তলমল শ্ৰোতধ্বনিত...... অশ্ৰুসিক্ত তোমাৰ চঞ্চল চকু হৃদয় হাউলি পৰা নিঃশ্চল নদীত। প্ৰেমহীন জীৱন অজীৱন অক্ষম আততায়ী।
আমি দুয়ো নীৰৱে পাণ কৰো আকণ্ঠ এই আকাশ অচিনাকী। মই বাৰু পালো নেকি ভাল তোমাকো পালো ভাল যিদৰে আকাশ অচিনাকী।
বিষাদ

গছবোৰে অন্ধকাৰত থিয় দি আছিল। নাজানো তৰাৱালী আকাশে কিয় উচুপি উঠিছিল, হৃদয় শিঞাৰি যোৱাকৈ। ফাগুণৰ কলিজাৰ উত্তাল আকাংক্ষাই দিনৰ পোহৰত আকাশত আকাশ অঁকাৰ পিছত নিচাষক্ত হৈ আহিছিল অভিন্ন প্ৰহৰ।
পোহৰ পিয়াসী প্ৰাণে প্ৰতি মুহূৰ্তে চকুপানী টোকে গছবোৰৰ অন্ধকাৰত। সময় অশ্ৰুসিক্ত, তাইৰ আকণ্ঠ বিষাদ আৰু মোৰ আপ্ৰাণ প্ৰেম ত্ৰিশটা বৰ্ষাই তিয়াই যোৱা বকুলে গোন্ধোৱা বাটটোত। মই ভালপোৱা সহৃদ সুৰ তাই পাণ কৰে নীৰৱে। প্ৰতিটো অনংগ-নিস্তৰংগ লগ্ন তাইৰ বুকুৰ উত্তাল সমুদ্ৰত ক্ৰমশঃ হেৰাই গৈছে। এদিন তাই মোক সুধিছিল- এই মৌন মুখৰ সন্ধিয়া গছবোৰক ছাঁবোৰে গিলি থৈছে নেকি?
চকুৰ ৰেখাৰ ৰূপোৱালী বিজুলিত চমক খাই কলো- "প্ৰেমেৰেই আৰম্ভ হয় আকাশৰ নীৰৱতা আৰু গছবোৰে আন্ধাৰত আলিংগন কৰে পৰষ্পৰে পৰষ্পৰক নিজৰ ছায়াৰ পাছফালে খুব নীৰৱে, অসীম অন্তৰংগতাৰে।"