Thursday 14 August 2014

বিষাদ

গছবোৰে অন্ধকাৰত থিয় দি আছিল। নাজানো তৰাৱালী আকাশে কিয় উচুপি উঠিছিল, হৃদয় শিঞাৰি যোৱাকৈ। ফাগুণৰ কলিজাৰ উত্তাল আকাংক্ষাই দিনৰ পোহৰত আকাশত আকাশ অঁকাৰ পিছত নিচাষক্ত হৈ আহিছিল অভিন্ন প্ৰহৰ।
পোহৰ পিয়াসী প্ৰাণে প্ৰতি মুহূৰ্তে চকুপানী টোকে গছবোৰৰ অন্ধকাৰত। সময় অশ্ৰুসিক্ত, তাইৰ আকণ্ঠ বিষাদ আৰু মোৰ আপ্ৰাণ প্ৰেম ত্ৰিশটা বৰ্ষাই তিয়াই যোৱা বকুলে গোন্ধোৱা বাটটোত। মই ভালপোৱা সহৃদ সুৰ তাই পাণ কৰে নীৰৱে। প্ৰতিটো অনংগ-নিস্তৰংগ লগ্ন তাইৰ বুকুৰ উত্তাল সমুদ্ৰত ক্ৰমশঃ হেৰাই গৈছে। এদিন তাই মোক সুধিছিল- এই মৌন মুখৰ সন্ধিয়া গছবোৰক ছাঁবোৰে গিলি থৈছে নেকি?
চকুৰ ৰেখাৰ ৰূপোৱালী বিজুলিত চমক খাই কলো- "প্ৰেমেৰেই আৰম্ভ হয় আকাশৰ নীৰৱতা আৰু গছবোৰে আন্ধাৰত আলিংগন কৰে পৰষ্পৰে পৰষ্পৰক নিজৰ ছায়াৰ পাছফালে খুব নীৰৱে, অসীম অন্তৰংগতাৰে।"

No comments:

Post a Comment